20 December 2013

বিহালী আৰু বিলাহি

অভিনৱ বৰা

   গুৱাহাটিলৈ প্ৰথম অহা দুদিন মান হৈছেহে। কাহিলিপাৰাত ভাড়াঘৰ এটা লৈ থকা হৈছে। ভাড়াঘৰৰ লগতে থকা অনাঅসমীয়াৰ গেলামালৰ দোকান। বাকী কৰিবৰ বাবে খুউব ঘনাই অহা যোৱা কৰি বাৰে-বাংকৰা কথাৰে মহলা মৰা আৰাম্ভ কৰি দিছিলো। দোকানৰ মালিকৰ দেশ (ঠাই)ৰ কথা নজনা কে সলাগী থাকোতে, তেওঁ মোক মোৰ ঠাইৰ কথা সুধিলে, বোলে ‘বিহালী’ নামতো কিয় হ’ল? বেলেগ ঠাইৰ কথা ইমান কৈ খবৰ থকা মই যদি নিজৰ ঠাইৰেই নামৰ অৰ্থ নাজানো কেনেকে হ’ব।
   ক’লো এজোপা ডাঙৰ বিলাহিৰ গছ আছিল আমাৰ ঠাইত, সেই বিলাহি গছৰ তলেদি মানুহ এজন পাৰ হওঁতে বিলাহি এটা ওপৰৰ পৰা পৰাত বিৰাট ভয় খাই বিহালী বুলি চিঞৰি দিয়াৰে পৰা ঠাইৰ নাম বিহালী হ’ল। গেলামালৰ বাকীৰ বাবে কোৱা ফাকীয়ে কাম নিদিলে। অনাঅসমীয়া দোকানীয়ে ফাকীতো ধৰা পেলাব নোৱাৰিলে, কিন্ত দুৰ্ভাগ্যবশত দোকানীজনে বিলাহি ভাল নোপোৱাৰ বাবে মইও বাকী নাপালো।

15 December 2013

জীৱন নাটক

পুলকেশ বৰা

এখন লক্ষ্যহীন, অৰ্থহীন নাটকৰ আমি
বেপেৰুৱা চৰিত্রৰ নায়ক।
আমাৰ নাই কোনো দায়বদ্ধতা,
কৃতিম অন্তৰ লৈ আনিছো বিভেদ৷
সমাজক দিছো জটিলতা,
স্বাৰ্থপৰতা, সংকীৰ্ণতা।
আৰু আমিয়েই এই আমোদি চৰিত্ৰৰ মূল নায়ক হৈ,
সমাজক কৰিছো বিশ্বাসঘাটকতা।
এনেকৈয়ে-এনেকৈয়ে......
পুৰণিক পিঠি দি, অপ-সংস্কৃতিক আসৈ দি,
অন্ধ অনুকৰণেৰে আজি আমি ভাৰাক্ৰান্ত৷
ভাৰাক্ৰান্ত এখন লক্ষ্যহীন, অৰ্থহীন নাটকৰ
জৰাগ্রস্থ চৰিত্রত৷৷