29 January 2014

সাতভনী

অভিনৱ বৰা

   নাই একো নাই। সব দোকান বন্ধ। ইয়াত দেওবাৰৰ দিনটোত এখনো দোকান খোলা নাথাকে। কি খাম আজি? হল বুলিয়েইতো য'তে ততে খাব নোৱাৰি। পূৰ্বপূৰুষে দি যোৱা ধৰ্ম কৰ্ম বোৰও টানিব লাগিব। কিন্তু নিৰ্লজ পেটটোৰ কথা কাণেৰে শুনি গৈচো। কি কৰো কি নকৰো কে অলপ সময় খালি ৰাস্তাটোলৈ চাই থকিলো। "চৈ ত’ এম" বুলি হোটেলৰ বয় এটাই সুধি গল। মানে মিজো ভাষাত ভাত খালা নে?
   আগতেও ২-৩ বাৰ মিজোৰাম আহিছো কামত। মানে মই চাকৰি কৰি থকা কম্পেনীৰ কামত। কিন্তু এনেকুৱা কৈ থকা হোৱা নাই। যি খন হোটেলত আছো তাত ভাল কে আমাৰ খাদ্য বনাব নাজানে। খালি হৈ থকা ৰাস্তা, বন্ধ সকলো দোকান-পোহাৰ। দেওবাৰে ইয়াত মাত্ৰ সকলোৱে যীশুক উপাসনা কৰে। পেন্তাকস্তেল, সেলভেচন আৰ্মি, ৰোমন কেথেলিক বহুত ধৰনৰ ছাৰ্ছ। খালি ৰাস্তাটো এতিয়া এজন দুজন কৈ ছাৰ্ছ যোৱা মানুহেৰে ভৰি পৰিছে। ভোকটোৱেও বেছিকৈ আমনি কৰিছে। বেগত থকা বিস্কুট পেকেটটো এতিয়া ছাগে পাচন ক্ৰিয়াই জাৰি জোকৰি শেষ কৰিলে। এনেকৈ সকলো বন্ধ হ’ব বুলি জনা হলে খোৱাৰ যোগাৰ কৰি থলো হেতেন আগদিনাই। ওচৰত কৰবাত ভাল খানা পাই যদিও নাজানো। অচিনাকি মুখ অচিনাকি ভাষা। চুচুক-চামাককৈ ওলাই আহিছো। এফালে পাহাৰ কাটি লাইন কৈ সৰু সৰু দোকান, মাজত ৰাস্তা আৰু এফালে থিয় গৰা। ৰাস্তাটোৰ পৰা কিছুমান খটখটী তললৈ নামিছে আৰু কিছুমান ওপৰলৈ। গৈ আছো ৰাস্তাৰে। ভোক নিবাৰণৰ অবিৰত যাত্ৰা যেন।।।
   দেউতাই এবাৰ কৈছিল নেপালী মানুহবোৰ কামৰ সন্ধানত আমাৰ সাতভনীলৈ আহে আৰু থাকি যায় ইয়াতে। ঘৰলৈ গাখীৰ দিব অহা কাষৰ নেপালী গাঁওৰ ডাজুৰ তাত এবাৰ বিয়া খাইছিলো। কঠালৰ মুচিৰ আঞ্জা আৰু চিৰা। কথাবোৰ জুকিয়াই আহি থাকোতেই দেখিলো এখন গোৰ্খা হোটেল। এক পাল্লা খোলা আছে। মূৰতো সুমুৱাই কিবা খাবলৈ আছে নেকি সুধিলো। একেষাৰেই নাই বুলি কৈ মই মুৰ সুমুৱাব পৰাকৈ থকা পাল্লা পাত মাৰি দিলে। ঘুৰি দেখিলো মিজো তিৰোতা এগৰাকী ৰৈ আছে নতুন সাজত। তেওঁ হয়তো মোৰ অৱস্থাতোলৈ মন কৰিছিল। তেওঁ ছাৰ্ছ যাবলৈ আহি ৰৈছে হাতত থকা বাইবেল দেখি ধাৰনা কৰিলো।
   মোক সুন্দৰ কৈ অসমীয়াতে সুধিলে কি অসুবিধাত মই পৰিছোঁ। কি কম মই? ধৰ্ম ধৰ্ম কৈ হিন্দু হোটেল বিচাৰি ফুৰাৰ কথা, নে? ভোকত কলমলাই থকা পেটতোৰ কথা? লাজ-মান কাটি কৰি কলো পুৱাৰে পৰা মাত্ৰ বিস্কুট পেকেট এটা খাইছোঁ আৰু এতিয়া ক'ত ভাল খানা পাই বিচাৰি ফুৰিছোঁ। তেওঁ ক'লে যদি মই বেয়া নাপাওঁ তেন্তে তেওঁৰ ঘৰত তেওঁ মোক বনাই খুৱাব পাৰিব। ইতিমধ্যে তেওঁ ক'লে যে তেওঁলোক কৰ্ম সূত্ৰে ধেমাজিৰ ফালে আছিল প্ৰায় ১৫ বছৰ মান। ওচৰতে তেওঁলোকৰ ঘৰ। কি কৰোঁ কি নকৰোঁ যেন লাগিল।
   আমাৰ উত্তৰ পূৰ্বাঞ্চল। আমি সাতভনী। এখনৰ লগত আনখনৰ গা লাগি আছে। সীমা-পৰিসীমা বোৰ বনাই লোৱা। মইও যদি মিজো তিৰোতা গৰাকীৰ হাতেৰে এসাঁজ খাওঁ মাহীৰ হাতেৰে খোৱা যেন নালাগিব জানো?
   মোৰ মনৰ মাজত হৈ থকা যুঁজ খনৰ অনুমান তেওঁৰ হৈছিল। নতুন বাচন-বৰ্তন পেকেটৰ পৰা উলিয়ায় সুন্দৰ কৈ নিৰামিষ আহাৰ বনাই খুৱালে। ধন্যবাদৰ বাহিৰে মোৰ দিবলৈ আন একো নাছিল। আপ্লুত হৈ পৰিলোঁ। কি কাৰণে আনন্দ পালো ধৰিব নোৱাৰিলো। পেটৰ চাহিদা পূৰণ হল কাৰণে? নে পৰ্বপুৰুষে দিয়া ধৰ্মও অক্ষুণ্ণ থাকিল কাৰণে?

No comments:

Post a Comment