বিহালীৰ বিষয়ে

  বিহালী নামৰ উৎপত্তি১৩শ শতিকাৰ আগৰ ভাগত আৰিমত্ত ৰজাই গম্ভিৰি (বৰ্তমানৰ গমিৰি) কল্যাণপুৰ (বৰ্তমান কলংপুৰ) অধিকাৰ কৰিছিল। এনেদৰে ৰাজ্য জয় কৰি দেউতাক প্রতাপধ্বজে তিষ্টিব নোৱাৰি বিহালী নদীৰ পাৰত কোঠমাৰি নৈত বিহ ঢালি দিয়াত আৰিমত্ত ৰজাৰ সৈন্যই এই নদীৰ পানী খাই মৃত্যু হয়। এই নদীখনত বিহ ঢালি দিয়াৰ বাবেই এই নদীৰ নাম বিঘালী বা বিহালী আৰু নদীৰ আশে পাশে থকা ঠাইখণ্ড বিহালী হয় বুলি "অসম বুৰঞ্জী"ত পদ্মণাথ গোহাঁই বৰুৱাই লিখিছে।
   অন্য এক প্রবাদ মতে, বিহালীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত গাংমৌত শ্রী শ্রী শংকৰদেৱে জ্ঞাতি-কুতুম্ব আৰু কিছুমান ভক্ত লৈ আহি ধৰ্ম্মৰ (বৈষ্ণৱ ধৰ্ম্ম) বেহা পাতিছিল। এই ধৰ্ম্মৰ বেহা আলিৰপৰা বিহালী নামৰ উৎপত্তি বুলিও ক'ব খোজে।
   চৰিত পুথিত সৌমাৰ পীঠৰ বৈশালী নদীৰ পাৰত গাংমৌ অৱস্থিত  বুলি কৈছে। সেই ফালৰ পৰা বৈশালী শব্দই কালক্ৰমত বিহালী হৈছে বুলি ভাবিব পাৰি।
   যিয়েই নহওঁক বিহালী নামৰ উৎপত্তি সম্বন্ধে সঠিক ক'ব নোৱাৰিলেও উক্ত প্ৰচলিত হৈ অহা মতাদৰ্শৰ ওপৰত ভিত্তি কৰি যে বিহালী নামৰ উৎপত্তি হৈছে ইয়াকো নুই কৰিব নোৱাৰি।
   ভৌগোলিক অৱস্থানশোণিতপুৰ জিলাৰ পূব ফালে বিশ্বনাথ মহকুমাৰ প্ৰায় ৯৩.২৫" পূব দ্ৰাঘিমা আৰু প্ৰায় ২৩.২৮" উত্তৰ অক্ষাংশত বিহালী অবস্হিত। বিহালীৰ মুঠ মাটিকালি ৫১৫৩৫ হেক্টৰ। ইয়াৰ উত্তৰ ফালে অৰুনাচল প্ৰদেশ; পূবফালে গহপুৰ, ছয়দুৱাৰ উন্নয়ন খণ্ড; দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ আৰু গোলাঘাট জিলা; পশ্চিমফালে বাঘমাৰী উন্নয়ন খণ্ড আৰু বিশ্বনাথ চাৰিালি।
   প্ৰাকৃতিক গঠন আৰু নদ-নদী:বিহালীৰ ভূ-তাত্ত্বিক গঠন প্ৰক্ৰিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত অভিন্ন। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে সঞ্চিত কৰা পলসেৰে বিহালীৰ সমতল ভূমি গঠিত বুলি ক'ব পাৰি।
    বিহালীত কোনো পাহাৰ পর্বত নাই৷ নদ-নদীৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উপৰিও বুৰৈ, বিহালী আৰু বৰগাং নদীয়েই প্ৰধান৷
   জলবায়ুবিহালীৰ জলবায়ু স্ৱাস্থ্যকৰ৷ বিহালী মনচুন জলবায়ুৰ প্ৰভাৱত থকা কাৰণে বাৰিষা যথেস্ট বৰষুণ হয়৷ ব্ৰহ্মপুত্ৰ নদীত গৰাহনীয়া হয় যদিও বিহালীত বানপানীৰ প্ৰকোপ খুব বেছি নহয়৷
   কৃষি বিহালি এখন কৃষি প্ৰধান ঠাই৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ আদিৰ কাৰণে বিহালীৰ মাটি সাৰুৱা৷ প্ৰধান উৎপাদিত শষ্যৰ ভিতৰত ধান, মাহ, ঘেহু আদিৰ উপৰিও অর্থ শষ্যৰ ভিতৰত চাহ, সৰিয়হ, কুঁহিয়াৰ, তামোল-পান, শাক-পাচলি আদিৰ উৎপাদন হয়৷ বটিয়ামাৰীত জিলাৰ ভিতৰতেই বেছি শাক-পাচলি উৎপাদন হয়৷ কিন্তু বিহালীৰ মাটি চাহ খেতিৰ বাবেহে অধিক উপযোগী৷
   জনসংখ্যাবিহালীৰ মুঠ জনসংখ্যা ১,২৮,৮৭৬ জন৷ প্ৰায় এক লাখৰো অধিক জনবসতিপূর্ণ বিহালীত অসমীয়া, বঙ্গালী, নেপালী, চাহ-মজদুৰ, কার্বি আদি বিভিন্ন সম্প্ৰদায়ৰ মানুহে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে৷
   শিক্ষা: বিহালীত বর্তমান ১০৪ খন প্ৰথমিক বিদ্যালয়, ৪ খন মজলীয়া বিদ্যালয়, ১০ খন মধ্য ইংৰাজী বিদ্যালয়, ৭ খন উচ্চ ইংৰাজী বিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন মহাবিদ্যালয় আছে৷ ইয়াৰোপৰি বটিয়ামাৰীত সংস্কৃত বিদ্যালয় আৰু ব্যক্তিগত খণ্ডত গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়েও বিহালীৰ শৈক্ষিক দিশৰ বিকাশত অৰিহণা যোগাইছে৷ কাৰিকৰি শিক্ষাৰ দিশত বিহালীৰ হস্ত তাঁত শিল্প আৰু ব্যক্তিগত খণ্ডত গঢ়ি উঠা টাইপ ৰাইটিং স্কুলেও ছাত্ৰ-ছাত্ৰীক স্ৱাৱলম্বী কৰাত সহায় কৰিছে৷
   সাহিত্য সংস্কৃতি: বিহালীৰ বাৰে বৰণীয়া সংস্কৃতিয়ে সকলো সম্প্ৰদায়ৰ মানুহক আকর্ষণ কৰিব পাৰিছে৷ ৰঙালী বিহু সন্মিলন বিহালীৰ প্ৰধান সাংস্কৃতিক উৎসৱ৷ ইয়াৰোপৰি বড়োসকলৰ বিভিন্ন উৎসৱ, নেপালী সকলৰ দশেই (দূর্গা পূজা), চাহ মজদুৰ সকলৰ কালী পূজা আদি বিহালীৰ ৰাইজে পালন কৰে৷ ইয়াৰোপৰি কবিসকলৰ জন্ম জয়ন্তী বিহালীৰ বিভিন্ন সাংস্কৃতিক সন্থাৰ দ্ৱাৰা পালন কৰা হয়৷
   মঠ-মন্দিৰ: ধর্মীয় সংস্কৃতিত বিহালী অতি চহকী৷ ধর্মীয় সংস্কৃতিৰ প্ৰভাৱৰ কাৰনেই বিহালীবাসী ৰাইজ সহনশীল আৰু সংযমী৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে নিজ হাতে স্থাপন কৰা গাংমৌথানেই বিহালীৰ ধর্মীয় দিশৰ প্ৰাণকেন্দ্ৰ স্ৱৰূপ৷ ইয়াৰ উপৰিও নৰনাৰায়ণ ৰজাই পুনৰ নির্মাণ কৰা শিৱ মন্দিৰ, মাজগাঁৱৰ হৰি মন্দিৰ, বেদেতী বটিয়ামাৰী চেৰৰেলীয়াৰ শিৱ মন্দিৰ, বৰগাং আৰু বিহালীৰ মচজিদ, গীর্জা, নকনীয়াৰ বৌদ্ধ মন্দিৰ আদিয়েই বিহালীৰ প্ৰধান মঠ মন্দিৰ৷